কিছু কথা বুকুতে - গুপুতে
অশ্ৰুস্মৃতি : তুমি মোক খং কৰিছা ? আশা মই তোমাৰ পৰা একো কৰা নাই আৰু ময়ো জানো তেওঁয়ে মোৰ সকলো । কিন্তু মোৰ বুকুখনে যে কিছুমান সিদ্ধান্ত মোক নজনোৱাকৈয়ে লৈ ল'লে তাক মই বাধা দিওঁ কেনেকৈ ? বাধা দিলেই যে মই চিৰদিনৰ বাবে হেৰাই যাম ।
অধিৰাজ : খং ?? মই তোমাক খং কৰিব পাৰো নেকি !! মই আচৰিত হওঁ কিয় ইমান ভালপোৱা ! কি দেখিলা মোৰ ওচৰত ! মইতো তোমাক কেৱল নিৰাশহে কৰিলো । তুমি মোক ভালপোৱাৰ সমান ভালপোৱাও দিব নোৱাৰিলো ।
অশ্ৰুস্মৃতি : তুমি মোৰ নোহোৱা, চিৰদিন তুমি মোৰ কাষত নাথাকা, তোমাক মই কোনোদিনেই নাপাওঁ অথচ কিয় মোৰ বুকুখনে একমাত্ৰ তোমাকেই বাছি ল'লে জীয়াই থকাৰ কাৰণ হিচাপে ! তুমি কেতিয়া কোনদিনা মোৰ পৰা আঁতৰি যাবা তাৰো কোনো নিশ্চয়তা নাই, তুমি বৰ্তমান মোক কষ্টৰ বাহিৰে আন একোৱেই দিব নোৱাৰা বুলি জানিও তথাপি কিয় মোৰ হৃদয়খনে কেৱল তোমাক বাছি ল'লে জীয়াই থাকিবলৈ কাৰণ হিচাপে । কিয় ! কিয় বাছি ল'লে ??? আজি তুমি কাষত আছা সুস্থ হৈ আছো, তুমি হেৰাই যোৱাৰ কথা ভাবিলেই অসুখীয়া হৈ পৰোঁ । কিয় এনে হ'ল অধিৰাজ ? কিয় ???
অধিৰাজ : ময়ো নাজানো । একো উত্তৰেই নাপাওঁ এনে কি দেখিলা যাৰ বাবে ইমান ভাল পালা..... ।
আপোনাৰ বন্ধুৰ সতে ভাগ-বতৰা কৰক